Skip to main content

Posts

কথাটি কেনেকৈ কওঁ?

 কথাটি কেনেকৈ কওঁ? কথাবোৰ পাতি যেতিয়া ভাল লগা হয়। অন্য কামত যেতিয়া মন নবহা হয় , নিয়ন্ত্ৰনহীন মনতোৱে তেতিয়া কথা নুশুনা হয়, কথাটি বাৰু কেনেকৈ বুজাও মই ? এইয়াই যে ভালপোৱা হয় । পৰিপক্কতাক হেমাহি কৰি, যেতিয়া মই বিভ্ৰান্তিত ডুব যাও, তাইৰ হতে পাৰ কৰা সময়ৰ সোঁতত  যেতিয়া মই নিজকে হেৰুৱাও, এইয়াই যে ভালপোৱা কেনেকৈ বুজাও ?  তথাপি কিবা এটা ভুল হোৱাৰ উমান পাই, কথাতি কবলে কিয় মই থমকি ৰৈ যাওঁ ?     ~Hrithik Borsaikia

প্ৰয়াস বিহীন পথ........

  পূৰ্ণিমাৰ জোন টো সঁচাই ভাল লগা, কিন্তু ধৰি ৰাখি নিজৰ কৰিব জানো পাৰিনে? দুৰনিৰ পাহাৰখন চাই থাকিবৰে মন যায়, কিন্তু, মোৰ কৰি লব জানো পাৰিমনে? সি কয়, ভাল লগা বোৰ সদায়  ভাল লগাইয়ে থোৱা , নিদিবা তাক ভাল পোৱাৰ নাম, সীমাবদ্ধতাৰ মাজতে থোৱা । পৰিকল্পনা নোহোৱাকৈ সপোনৰ  কিবা মূল্য আছেনে? ভৱিষ্যত নজনাকৈ পাগলৰ দৰে  ভাল পোৱাৰ কিবা অৰ্থ পোৱানে? ভাল লগা আজিবোৰ বেয়া লগা হবলৈ সময়  নালাগে, আন্ধাৰ ৰাস্তাক পোহৰাব বিচাৰি এদিন নিজকে হেৰুৱাব নালাগে ! সি কয় ,ভাল লগাবোৰ কেতিয়াও হৃদয়ৰ  ভাল পোৱাৰ মাজত ঠাই নিদিবি , ৰঙীন  সপোনবোৰ এই বাস্তৱ বিহীন  জীৱনত, পুৰ হোৱাৰ আশা নকৰিবি ! নিজৰ মনৰ লগত কাজিয়া কৰি, তাৰ মনটো ধৰি ৰাখিব চেষ্টা নকৰিবি !     ~Hrithik Borsaikia

মৰহা ফুল পাহ

  পৃথিৱীৰ বিশাল বাগিচা খনত তাই , আজি যেন এপাহ মৰহা খৰিকাজাই । কোন হব তাইৰ সেই মনৰ বৰষুণ , যিয়ে আকৌ তাইৰ পৰশ তুলিব ভিজাই । শুকান পাত সৰি যেতিয়া হব সেউজীয়া, লহঁ - পহকৈ তাই জিপাল হৈ উঠিব। কবনে এই নতুন বৰষুণ জাকক, তোমাৰ অবিহনে মই নোৱাৰোঁ থাকিব । কবনে তাইৰ সকলো দুখ পাহৰি ? আঁকোৱালি লবনে তোমাক ,দুয়ো হাত ধৰি, তাই কবনে? মোৰ হৃদয় নাভাগিবা আকৌ, নহও মৰহা ফুল মই, হব বিচাৰোঁ তোমাৰ  অনাদি লগৰী  ।। ...........     ~Hrithik Borsaikia.........

GROWTH 🔥

  GROWTH 🔥  Overthinking compels him to write,   It was twenty-sixteen,   The happiest man without the concept of love,   His heart was pure and clean.   Suddenly, he found a queen,   Is it right to see himself as a king?   Quietly, he thinks, the vibes are matching,   He finds himself trapped in love and its dealings.   Time passes, and the attachment grows stronger.   Unconditionally, he gave 100% to her.   Now he wonders if it’s right to give all of yourself to someone.   He understands it when his investment is ghosted, like it never mattered. Overthinking compels him to write,   It is twenty-twenty-four.   His healing heart, once again pure and clean,   But with one difference: now it is stronger than before.   ~Hrithik Borsaikia

আৰম্ভণি

  .... আধুনিকতাৰ এই পৃথিৱীত দুটি মন বাৰু কেনেকৈ মিলে? মিলেনে মনবোৰ চকুৰ মায়াজালত! দুৰে দূৰে থাকিও  মনৰ কথা কেনেকৈ প্ৰকাশ কৰে? গোটেই পৃথিৱী খন চুন মোৰ হাততে আজি, তথাপিও যে বুজাব নোৱাৰি এই মোবাইলতিৰ যোগেদি । তাই কিন্তু বহুত দূৰত , কিন্তু মন যাই, ঘূৰি যাবলৈ সেই চিঠিৰ দিনবোৰলৈ আজি । কেতিয়াবা আৰম্ভণিতেই শেষ হয়। কেতিয়াবা লগ কৰিব আহিলেও ধৰিব নোৱাৰি। কেতিয়াবা হাজাৰ প্ৰয়াশ কৰিও বিশ্বাসৰ প্ৰমাণ দিব নোৱাৰি । কেনেকৈ কৰোঁ আৰম্ভণি, মন যে মোৰ অকলশৰীয়া আজি । অতীত পাহৰিলো যদিও , বৰ্তমানৰ সোৱাদ নাপাওঁ আজি। পাৰিম জানো নতুনকৈ কৰিব আৰম্ভণি, কোনে দিব সেই সাহস কন আজি , মই সঁদাই তোমাৰ কাষত বোলি । আছোঁ বাত চাই আকৌ , এটি নতুন জোনাকৰ আশাত, আকৌ কিজানি বাজি উঠে মনৰ গীটাৰ খনি।     ~Hrithik Borsaikia

নীসংগতাৰো এক সুকীয়া মাদকতা আছে

মনে যেতিয়া  হুলস্থুলিয়া সমাগমৰ পৰা বিৰতি বিচাৰে । যেতিয়া প্ৰকৃতিৰ নিৰৱতাই তোমাক বাৰে বাৰে মাতে। ভাল লগা এটা নিজান পৰিবেশ, য'ত নাই কোনো ব্যস্ততা বা ভিৰৰ সমাবেশ। আছে কেৱল অদৃশ্য বতাহৰ ফিৰ ফিৰীয়া শব্দৰ পৰশ, বিশাল গছৰ মাজেৰে পাৰ হৈ অহা ৰদৰ  কিৰণ, চৰাই বোৰে যেতিয়া কোনোবা অহাৰ উমান পাই , তোমাৰ উপস্থিতি চিঞৰি সৱকে জনায়। পাহাৰীয়া বতাহ জাকে তেতিয়া কানে কানে  কয়, যে নীসংগতাৰো এক সুকীয়া মাদকতা আছে, অকলে থকাৰ সোৱাদ লবলে , কেতিয়াবা আকৌ আহিবা আমাৰ কাষলে।     ~Hrithik Borsaikia                                          

Affliction - যন্ত্ৰনা# 17-02-24

  .... মই ভাবো শনিবাৰটো সকলোৰে favourite দিন।আজি মোৰ মনে দুপৰীয়াৰ খানা বনাবলৈ বৰ এলাহ কৰিছে । গতিকে, মই ভাবিলো আজি  বাহিৰতে দুপৰীয়াৰ খানাটো খাম সেইবোলি ভাবি ৰোমৰ ওচৰতে থকা , য’ত মই সদায় খাই ভাল পোৱা হোটেল খনলৈ বোলি ৰোমৰ পৰা  বাইক খন লৈ   উলাই গলো । হোতেলৰ খুৰিয়ে মোক চিনি পাই লগে লগে কি খাবা বোলি কোৱাত মই ৰোটি অৰ্দাৰ দিলো । খুৰিৰ হোটেলত সকলো বস্তু গৰম কৈ খাব পাও আৰু সেয়ে অৰ্দাৰ টো আহোতে অলপ দেৰি হয় ,তথাপিও  ভাল লাগে। .......মই বহা টেবুল খনৰ কাষতে প্ৰাই ২৫-২৬ মান বয়সৰ  লৰা এজন বহি আছে   আৰু সি অনবৰতে মেচেজ টাইপ কৰি থকা দেখিলো ,কিন্ত মেচেজবোৰ গৈ আছে ,ৰিপ্লাই অহাৰ কোনো চিন দেখা নাপালো । মই কি লিখিচে একো জানিব পৰা নাই  কিন্তু ৰিপ্লাই যে আহা নাই তাৰ অনুমান পাইচিলো।তাৰ ভাগৰুৱা মুখখন দেখি এনেকুৱা লাগিল যে সি নিশ্চয় কিবা  বিপদৰ সন্মুখীন হৈ আছে।  খুৰিয়ে মোক ৰোটিৰ প্লেট খন দি সেই লৰাজনক উদ্দেশ্যি সোধিলে : ভাইটি কিবা খাবা নেকি ? খাই লোৱা তুমি পইচাৰ কথা চিন্তা নকৰিবা। : এতিয়া নাখাও খুৰি , মই খাই আহিছো । খুৰি গুৱাহাটীলৈ ট্ৰেইন কেইটা বজাত আছে বাৰু ...

আশাবাদীৰ যুদ্ধ

  নিজৰ ঘৰত থাকি ভাল পোৱা, সি আজি আছেগৈ নগৰৰ এটা ভাৰা ৰোমত , কাৰন তাৰ মনে এটা শান্তিৰ পৰিবেশ বিচাৰিছে।এটা গুণমান জীৱন লাভ কৰিবলৈ এটা শান্তীময় ৰোমৰ ভিতৰতে সি নিজৰ লগতে  যুদ্ধ কৰি আছে ॥ ঘৰৰ মানুহৰ লগতে গাৱৰ লোকেও তাক এটাই প্ৰশ্ন সোধে- বাবা এতিয়া কি কৰিবি ? পঢ়াটো শেষেই কৰিলি । .......সদাই সি দুপৰিয়া খানা খাই ৰোমৰ ওচৰতে   ফুত পাটৰ দুকান খনলৈ ওলাই যাই । যেতিয়া তাৰ কেৰিয়াৰৰ চিন্তা বাঢ়ি যায় ,তেতিয়া সি আকৌ সেই দুকান খনলৈ বোলি ওলাই যায়। সকলোৰে লগত সময় পাৰ কৰি আদ্দা মাৰি ভাল পোৱা সি আজি যেন অকলশৰে সময় পাৰ কৰি বেছি ভাল পায়। কেতিয়াবা তাৰ আবেগৰ পুৰনি ভাল লগা কথাবোৰ মনত পৰিলে ,সি আকৌ ওলাই যাই ফুত পাটৰ দুকান খনলৈ । :খুৰি লাইট এটা দিয়ক (চিগাৰেট টো জলাই সি নিজেই নাজানে তাৰ ভাৱনা বোৰ কিমান দুৰ পাইগৈ।) :বাবা তই , বাইকত বহি এই দাল খাই ওপৰলৈ চাই কি চিন্তা কৰ্? :অ খুৰি আপুনি মোক লক্ষ কৰে মানে ? (সি মিচিকিয়া হাহি এটা মাৰি কলে) :কিয় নকৰিম , দোকানলে অহা প্ৰতিজন গ্ৰাহককে কৰো। :খুৰি আপুনি দেখিচেনে  সেই নিলা আকাশখন কিমান ধুনিয়া ,কেনেদৰে চৰাইবোৰে ৰং মনে উৰি আছে , মইয়ো  অলপ সময় সকলো বাদ দি এ...

তোৰ পৃথিৱীখন বেলেগ(Your world is different)

তোৰ পৃথিৱীখন বেলেগ, ব্যতিক্ৰমী তোৰ জীৱন, আছে সপোন অনেক । এটা অকলশৰীয়া নিজান পথ,দুয়োকাষে সেউজীয়া গছ, ৪০ /৫০ বেগত বাইকেৰে তুমি গৈ আছা, মোৰত লৈ হাজাৰ ভাৱনাৰ বোজা । ভাৱনাৰ ভৰে কয় , ভাল লগা খিনি চোন নেদেখা হৈ পৰিছে ,ভালপোৱা জনো যেন দুৰলৈ গৈছে। লগৰ কেইজন বহু আগেৰেই গৈ চন্দ্ৰ পাইছে ॥ পাবিনে তই ঢুকি , তোৰ আশাৰ সপোন অশেষ। সচাই তোৰ মনৰ পৃথিৱী খন অলপ বেলেগ ॥ ভাই তই অকলশৰে গৈছ , বহু দুৰ পাবিগৈ । তই আদিত্য L 1 , সুৰ্য্য পাবিগৈ ॥ নহয় একেই তই আনৰ দৰে ,বিচাৰে অকন সময় তোৰ জীৱনে। পেলাই দে, ক্ষতি কৰিব তোৰ ভাৱনাৰ ওজনে । এবাৰ দুৰ হোৱা জনক জানো ৰখাব পাৰিনে ? কষ্ট আছে ভাই চন্দ্ৰলৈ যোৱা জনৰো।মাটিত পেলালে কত ঘাম , তথাপি নকলে নোৱাৰো ॥ কৰি থাক যাত্ৰা, এটাই তোৰ পথ, নকবি "নোৱাৰো" তই। দেখিবি এদিন সঁচাই, আহিব তোৰ সময় নিশ্চয় ॥ লাগিবৈ দে চোন সময়,ৰাস্তা বহু দুৰ,ধৰ ধৈয্য,পাবিগৈ সুৰ্য্য। তোৰ পৃথিৱীখন বেলেগ,দেখিবি এদিন ইয়াৰ বাস্তৱীয় দৃশ্য॥  ~ @riturajsaikia97

বিনিয়োগ (INVESTMENT)

নিদ্ৰাহীন ৰাতি ,চকু মুদিলেও আন্ধাৰ নহয়, সি ঘুৰি যায় অতীতৰ সেই হৃদয়স্পৰ্শীয় ৰসাল দৃশ্যলৈ । সেই অতীত আছিল তাৰ জীৱনৰ সময়ৰ বিনিয়োগ ; ভালপোৱা জনলৈ, ॥ এয়া আছিল জীৱন,সময়ৰ বিনিয়োগ; তাইৰ বাবে থকা অনুভূতি আৰু আবেগৰ । কোনে বোজি পায় এই বিনিয়োগ আছিল সবাতোকৈ ডাঙৰ, বিশাল যেন মহাসাগৰ । কিন্তু দুৰ্বল প্ৰেমিকক কোনে লগত লৈ যায়, দুৰ্বলতা যে কেৱল তাইৰ কাষত। হাজাৰ চেষ্টাৰ পাছতো ,তাই যেতিয়া নৰয় , সি যেন হেৰাই যায়,এটা আশাহীন পঠৰ মাজত ॥ দুৰ্বল জন দুনাই দুৰ্বল হলে কি হয়,কোনোবাই তাক  সোধেনে ?  কোনে জানে সি মদৰ নিচা কৰি আজিও সেই অতীতক লৈ খং কৰে,কিন্তু পাহৰিব পাৰেনে ? সকলো বিনিয়োগ যেতিয়া অথলে যায় , "সময়ে" তেতিয়া তাৰ এটা মাত্ৰ প্ৰেৰণা হয়। সময়ে শিকাই তাক, ভাল পোৱা থিকেই আছিল , কিন্তু  চিৰস্থায়ী  ভাল পাই থকা যেন বৰ ভাল নহয় ॥ সময়ে বোজালে , দুৰ্বলতাৰ পাছৰ দৰ্জা খন যে  দুৰ্বলৰ নহয়। সবল মনে সি ভাবিলে,এতিয়া যেন সলনি হৈ আগবঢ়াৰ সময়॥ তাইৰ সতে পাৰ কৰা সময়ে মনত কেতিয়াবা হাঁহি বিৰিঙাই, হৃদয়ত থকা তাইৰ ইতিহাসবোৰ মনত  কবিতা হৈ ৰৈ যায়॥ সকলো বিনিয়োগ যে অথলৈ নাযায়, অসম্পূৰ্ণ কাহিনীও যে সকলোতকৈ ৰসালতাৰ সু...

Brothers (ককাই- ভাই) : এটা বাস্তৱীয় বুনিয়াদৰ কাহিনীৰে (Part-2)

খণ্ড- ২ 👇(Part ২)👇 কাহিনী-২ সেই একেখন স্কুলৰ হোষ্টেলত এ আছিল আৰু দুজন ককাই - ভাই ।এজন আছিল ক্লাছ 7 ত আৰু আনজন আছিল ক্লাছ 9 ত ।সৰু জনৰ নাম আছিল ৰাজীৱ আৰু ডাঙৰ জনৰ নাম আছিল ৰাহুল। এখন আৱাসিক বিদ্যালয়ত ৰেগিং ৰ পৰা আদি কৰি আৰু বহুতো ঘটনা ঘটি থাকে । যিবোৰ থাকি  যায় কেৱল স্কুলৰ ভিতৰতেই।।     সেই দুজন  ককাই- ভাইৰ মাজতো ঘটিছিল তেনে এটা ঘটনাই। সেই সময়ত আমাৰ পৰীক্ষা  হৈ আছিল ।সকলো পৰীক্ষা দিবলৈ স্কুল গল ।     পৰীক্ষা শেষ হলত সকলো হোষ্টেল লৈ আহিব ললে।ক্লাছ 11 ৰ এজন চিনিয়ৰ  আছিল। চিনিয়ৰ জনে আহি দেখিলে তেওঁৰ বেগ ত থকা ৩০০০ টকা চুৰ হৈছে।সকলো ক্লাছ 11 ৰ লৰা বোৰ হোষ্টেলত গোট খালে আৰু পইচা কত ,কোনে ললে বিচৰা ত লাগিল। এটা ছাত্ৰাবাসত যদি চুৰ ওলাই , হোষ্টেলত থকা সকলোৱে জানে যে  তাৰ অৱস্থা কেনেকুৱা হয় বা কেনেকৈ সকলোৰে পৰা পিটন খাই । গম পোৱা গল ৰাজীৱ ৰ ককায়েক ৰাহুল হোষ্টেলত সকলো ত কৈ আগত পৰীক্ষা দি আহি সোমাইছিল । গতিকে ৰাহুলক  সন্দেহ কৰি মাৰ পিত কৰাত লাগিল । বহুত বেয়াকৈ আঘাত প্ৰাপ্ত হল ৰাহুল।ভায়েকে গম পাই আহি ভয়ত কান্দি আছে। ৰাহুলে বে...

Brothers (ককাই- ভাই) : এটা বাস্তৱীয় বুনিয়াদৰ কাহিনীৰে(Part 1)

BROTHERS (ককাই-ভাই) [A reality based story] Part-1 আপুনালোকে  অক্ষয় কুমাৰ ৰ BROTHERS movie খন নিশ্চয় চাইছে ! সেই ফিল্ম খনত দুজন ককাই ভাইৰ মাজৰ সম্পৰ্ক ৰ আঁৰত কি কি ঘটিছিল অৱশ্যেই দেখিবলৈ পাইছিল। আজি কোনো love storY ৰ কথা নকও ।মানুহক লৈ কৰা গৱেষণা ৰ আধাৰত কেইটামান ঘটনা মই বাছি উলিয়াইছো , 😀। .     আমাৰ জীৱনত বহুতো বন্ধু লগ পাও আৰু সেই বন্ধুত্ব ৰ সময় একেবাৰে সিমিত । এদিন সেই একেলগে শ্ৰেণীকোঠাত লগপোৱা বন্ধু সকল আজি কিন্তু নাই। সময়ত সকলোৱে নিজৰ  কৰ্মত ব্যস্ত হৈ পৰে , নিজৰ জীৱন স্থাপনক লৈ তেওঁলোকে নিজৰ পথত সঞ্চালন হৈ পৰে । কিন্তু এই ব্যস্ততাৰ মাজতো কেইজন মান ব্যতিক্ৰমী বন্ধু নিশ্চয় থাকে যি কেইজনে আপোনাক , কেতিয়াবা ফোন কৰি ২মিনিত সময় ভাল বেয়াৰ কথা সোঁধে বা আপোনাৰ লগত তেওঁলোকৰ সৈতে কথা বতৰা হৈ থাকে কিন্তু তথাপিও আপোনাৰ লগত সকলো সময়তে থিয় দিবলৈ তেওঁলোক আহিব নুৱাৰিবও পাৰে বা মই নিজেও তেওঁলোকক সকলো সময়তে সহায়ৰ হাত আগ বহাব যাব নোৱাৰিবও পাৰো। আমি জানো যে সকলোৰে নিজৰ কৰ্ম আছে আৰু সকলো নিজৰ কৰ্মব্যস্ততা ৰ লগৰী। ইয়াত  মই বন্ধু আৰু ভাই- ককাই ৰ  মাজত...

এটা ওৰ পৰা কাহিনী (তাই কোৱা সেই ৮ তা আখৰ) 2020 - খণ্ড ৩

  খণ্ড-৩ ...   25/8/20   বতৰ টো বৰ গৰম আজি  । আজি চাগে  বৰষুণ জাকে  আমাৰ গাঁওখন বাদ দি বেলেগ  এখন ঠাই নিজৰ লগৰী কৰি ললে  । কাহিনী বোৰ শেষ নহলে ... লিখিবলৈ টো মন  গৈয়ে থাকে। সকলো কাহিনী এ সমাপ্ত হয়।কিন্তু ,কাহিনীৰ ভিতৰত থকা কিছুমান কাহিনী  হইটো আধাৰুৱা ......হৈ ৰৈ যায়...🙃.. মমম.......এইবোৰ পাছতেই জনা যাব ।।।।।কাহিনী লৈ আগবাহো...       আমি সকলোৱে ক্লাছ 11 ত ভৰি পেলাইছিলো। ক্লাছ 11 টু হয় স্কুলৰ ৰোলিং বেটছ (Roling batch) মানে......        শাসকীয়   চাম । স্কুলৰ সকলো কাৰ্য্য গতুৱা হই। স্কুল কেপ্টেইন পৰা আদি কৰি যিমান কেপ্টেইন আছে  হোষ্টেল প্ৰতি । ২য় খণ্ডত এটা প্ৰশ্ন আছিল যে  ৰবি আৰু মোৰ সম্পৰ্ক এতিয়া কেনে কোৱা বুলি ........ ময় কম  যে বন্ধু সদাই বন্ধুৰ ঠাইত ,তাৰ ঠাই কুনেও লব নোৱাৰে , ভুল  তো মুৰেই আছিল,মই এ  ৰিয়াক কৈ পাইচিলো তেনেকৈ। হেইয়ে  সকলো ঠিক থাক কিন্তু ৰীয়া ৰ কথা হে জনা  নাছিলোঁ এতিয়া লৈকে ......... আজি কালি ক্লাছৰ সকলোৰে ...

এটা ওৰ পৰা কাহিনী (তাই কোৱা হেই ৮ টা আখৰ)। ২০২০(খণ্ড ১ আৰু ২))

     Part(1)    ১৩/০৮/২০২০            ...........ৰোমৰ  খিৰিকীৰে জুমি চাই দেখিলোঁ আকাশখন কলা দাৱৰে আৱৰি ধৰিছে। শিতলিয়া ঠাণ্ডা বতাহ  অকন সোমাই আহিছে  , বৰষুণ  আহিব যেন লাগিছে । সঁচাকৈ এইবাৰ যোৱাবাৰত কে বৰষুণ বহুত বেছি । এই দুপৰীয়া ভাগত ও,গধুলিৰ  দৰে দৃশ্য এটা চকুত পৰিছে, চিপ চিপিয়া বৰষুণ আৰম্ভ হল। এনে লাগিছে যেন বতৰ টো  এ এটা প্ৰেমৰ অনুভূতি লৈ আনিছে। এটা ৰোমাণ্টিক গান শুনিবলৈ মই earphone  ডাল টেবুল অৰ পৰা লৈ কাণত লগাই ললোঁ..............         মনৰ ভিতৰতে নতুন কে মুক্তি পোৱা Trevor Deniel  আৰু Selena Gomez ৰ  Past life গানটো  মোবাইল টোত লগাই  মনতে গুণ গুণা ই.........   🎶🎶🎵I'm trying to be honest with my happiness Don't know why I'm bad at this,  And I don't want to sit all in my sadness I know it's a habit of mine Perfect, perfect timing I start but I don't know how to end Don't re, don't remind me I ruined it before it ...