Skip to main content

আশাবাদীৰ যুদ্ধ

 নিজৰ ঘৰত থাকি ভাল পোৱা, সি আজি আছেগৈ নগৰৰ এটা ভাৰা ৰোমত , কাৰন তাৰ মনে এটা শান্তিৰ পৰিবেশ বিচাৰিছে।এটা গুণমান জীৱন লাভ কৰিবলৈ এটা শান্তীময় ৰোমৰ ভিতৰতে সি নিজৰ লগতে  যুদ্ধ কৰি আছে ॥ ঘৰৰ মানুহৰ লগতে গাৱৰ লোকেও তাক এটাই প্ৰশ্ন সোধে- বাবা এতিয়া কি কৰিবি ? পঢ়াটো শেষেই কৰিলি ।

.......সদাই সি দুপৰিয়া খানা খাই ৰোমৰ ওচৰতে   ফুত পাটৰ দুকান খনলৈ ওলাই যাই ।

যেতিয়া তাৰ কেৰিয়াৰৰ চিন্তা বাঢ়ি যায় ,তেতিয়া সি আকৌ সেই দুকান খনলৈ বোলি ওলাই যায়।

সকলোৰে লগত সময় পাৰ কৰি আদ্দা মাৰি ভাল পোৱা সি আজি যেন অকলশৰে সময় পাৰ কৰি বেছি ভাল পায়।

কেতিয়াবা তাৰ আবেগৰ পুৰনি ভাল লগা কথাবোৰ মনত পৰিলে ,সি আকৌ ওলাই যাই ফুত পাটৰ দুকান খনলৈ ।


:খুৰি লাইট এটা দিয়ক (চিগাৰেট টো জলাই সি নিজেই নাজানে তাৰ ভাৱনা বোৰ কিমান দুৰ পাইগৈ।)

:বাবা তই , বাইকত বহি এই দাল খাই ওপৰলৈ চাই কি চিন্তা কৰ্?

:অ খুৰি আপুনি মোক লক্ষ কৰে মানে ? (সি মিচিকিয়া হাহি এটা মাৰি কলে)

:কিয় নকৰিম , দোকানলে অহা প্ৰতিজন গ্ৰাহককে কৰো।

:খুৰি আপুনি দেখিচেনে  সেই নিলা আকাশখন কিমান ধুনিয়া ,কেনেদৰে চৰাইবোৰে ৰং মনে উৰি আছে , মইয়ো  অলপ সময় সকলো বাদ দি এই দৃশ্যৰ ৰস উপভোগ কৰিবলে চেষ্টা কৰো। কাৰন আকাশ খনৰ তলত এই মোৰ ওচৰৰ আশে পাষে থকাবোৰ চোন মই ওপভোগ কৰিবলৈ সমৰ্থ হব পৰাই নাই।

:কিয় তই সেইবোৰ ভাবিবলৈ চিগাৰেট টো খাবৈ লাগিব নেকি ? সময় আছে তোৰ।

:নাখালে যে আপুনাৰ লচ হব (সি হাঁহি এটা মাৰি উত্তৰ দিলে)

: চিপ্ চ এপেকেত খাইও চুন তই আকাশ খন চাব পাৰ।

: আপুনি কি বোজিব খুৰি, ধুৱাবোৰৰ মাজেৰে আকাশৰ নিলা ৰঙৰ লগত মিহলি হৈ থকা সেই ঢুকি নোপোৱা অনুভৱ ।


(জেপৰ পৰা ২০ টকা এটা উলিয়াই খুৰিৰ হাতত দি সি বাইক খন ষ্টাৰ্ট দি নিজৰ ৰোমলে বোলি আগোৱালে ।


@riturajsaikia97


Comments

Popular posts from this blog

মৰহা ফুল পাহ

  পৃথিৱীৰ বিশাল বাগিচা খনত তাই , আজি যেন এপাহ মৰহা খৰিকাজাই । কোন হব তাইৰ সেই মনৰ বৰষুণ , যিয়ে আকৌ তাইৰ পৰশ তুলিব ভিজাই । শুকান পাত সৰি যেতিয়া হব সেউজীয়া, লহঁ - পহকৈ তাই জিপাল হৈ উঠিব। কবনে এই নতুন বৰষুণ জাকক, তোমাৰ অবিহনে মই নোৱাৰোঁ থাকিব । কবনে তাইৰ সকলো দুখ পাহৰি ? আঁকোৱালি লবনে তোমাক ,দুয়ো হাত ধৰি, তাই কবনে? মোৰ হৃদয় নাভাগিবা আকৌ, নহও মৰহা ফুল মই, হব বিচাৰোঁ তোমাৰ  অনাদি লগৰী  ।। ...........     ~Hrithik Borsaikia.........

কভিড ১৯ আৰু মই........ (১)

‌  আগষ্ট মাহৰ ১৩ তাৰিখ , চৰকাৰে কৈছে স্কুল কলেজ খুলিব ছেপটেম্বৰ পৰা । আৰু কিছুমানে দাবী কৰিছে  খুলিব নলাগে । আমনি টো লগিছেগৈ ,  এটা পিঞ্জৰাত সোমাই থকা দৰে আমাৰ দশা । কেতিয়াবা এনে লাগে যেন   ,হেই ডাক্তৰ জনে কৈছিল যে কৰণা  চৰণা এনেই এইবোৰ  চৰকাৰ পলিতিকচ  বোলে , কিন্তু কেতিয়াবা ফেচবুকত  বৰ দুখ লগা কিছুমান  ভিডিও বোৰ দেখি  ডাক্তৰ জন মূৰ্খ নিচিনাই লাগে । গতিকে আমি নিজেই সাৱধানতা মানি চলা টো অতি দৰকাৰ ।।বেমাৰ কৰপৰা আহি কত পালেহি ।।      যি কি নহওঁক বেমাৰ টো কমাৰ সম্ভাৱনা আছে যদিও  সোনকালে যে শেষ হব  , আগৰ নিচিনা নৰ্মেল দিনবোৰ আহিব , তাৰ  আশা কম যেন লাগে । ২০২০ হচাকে এটা অশান্তিৰ সময়।  প্ৰথমে কা" ৰ কাৰণে  আৰু এতিয়া কৰনা , তথাপিও কা" আমি এতিয়াও নামানো আৰু কেতিয়াও মানি নলও 🤬 ।          বাৰু যি কি নহওঁক এই লকাডাউন ৰ সময়ত মোৰ নিচিনা ২২ বছৰীয়া  লৰা বোৰে কি কৰি আছা কব চুণ comment  ot ।। বহুত বেয়া দিন আহিল , ঘৰত দেউতা মাই এ চাই চাই উ আমনি...

কথাটি কেনেকৈ কওঁ?

 কথাটি কেনেকৈ কওঁ? কথাবোৰ পাতি যেতিয়া ভাল লগা হয়। অন্য কামত যেতিয়া মন নবহা হয় , নিয়ন্ত্ৰনহীন মনতোৱে তেতিয়া কথা নুশুনা হয়, কথাটি বাৰু কেনেকৈ বুজাও মই ? এইয়াই যে ভালপোৱা হয় । পৰিপক্কতাক হেমাহি কৰি, যেতিয়া মই বিভ্ৰান্তিত ডুব যাও, তাইৰ হতে পাৰ কৰা সময়ৰ সোঁতত  যেতিয়া মই নিজকে হেৰুৱাও, এইয়াই যে ভালপোৱা কেনেকৈ বুজাও ?  তথাপি কিবা এটা ভুল হোৱাৰ উমান পাই, কথাতি কবলে কিয় মই থমকি ৰৈ যাওঁ ?     ~Hrithik Borsaikia