Skip to main content

প্ৰয়াস বিহীন পথ........

 


পূৰ্ণিমাৰ জোন টো সঁচাই ভাল লগা,

কিন্তু ধৰি ৰাখি নিজৰ কৰিব জানো পাৰিনে?

দুৰনিৰ পাহাৰখন চাই থাকিবৰে মন যায়,

কিন্তু, মোৰ কৰি লব জানো পাৰিমনে?


সি কয়, ভাল লগা বোৰ সদায় 

ভাল লগাইয়ে থোৱা ,

নিদিবা তাক ভাল পোৱাৰ নাম,

সীমাবদ্ধতাৰ মাজতে থোৱা ।


পৰিকল্পনা নোহোৱাকৈ সপোনৰ 

কিবা মূল্য আছেনে?

ভৱিষ্যত নজনাকৈ পাগলৰ দৰে 

ভাল পোৱাৰ কিবা অৰ্থ পোৱানে?


ভাল লগা আজিবোৰ

বেয়া লগা হবলৈ সময়  নালাগে,

আন্ধাৰ ৰাস্তাক পোহৰাব বিচাৰি

এদিন নিজকে হেৰুৱাব নালাগে !


সি কয় ,ভাল লগাবোৰ কেতিয়াও হৃদয়ৰ 

ভাল পোৱাৰ মাজত ঠাই নিদিবি ,

ৰঙীন  সপোনবোৰ এই বাস্তৱ বিহীন 

জীৱনত, পুৰ হোৱাৰ আশা নকৰিবি !

নিজৰ মনৰ লগত কাজিয়া কৰি,

তাৰ মনটো ধৰি ৰাখিব চেষ্টা নকৰিবি !


    ~Hrithik Borsaikia



Comments

Popular posts from this blog

মৰহা ফুল পাহ

  পৃথিৱীৰ বিশাল বাগিচা খনত তাই , আজি যেন এপাহ মৰহা খৰিকাজাই । কোন হব তাইৰ সেই মনৰ বৰষুণ , যিয়ে আকৌ তাইৰ পৰশ তুলিব ভিজাই । শুকান পাত সৰি যেতিয়া হব সেউজীয়া, লহঁ - পহকৈ তাই জিপাল হৈ উঠিব। কবনে এই নতুন বৰষুণ জাকক, তোমাৰ অবিহনে মই নোৱাৰোঁ থাকিব । কবনে তাইৰ সকলো দুখ পাহৰি ? আঁকোৱালি লবনে তোমাক ,দুয়ো হাত ধৰি, তাই কবনে? মোৰ হৃদয় নাভাগিবা আকৌ, নহও মৰহা ফুল মই, হব বিচাৰোঁ তোমাৰ  অনাদি লগৰী  ।। ...........     ~Hrithik Borsaikia.........

কভিড ১৯ আৰু মই........ (১)

‌  আগষ্ট মাহৰ ১৩ তাৰিখ , চৰকাৰে কৈছে স্কুল কলেজ খুলিব ছেপটেম্বৰ পৰা । আৰু কিছুমানে দাবী কৰিছে  খুলিব নলাগে । আমনি টো লগিছেগৈ ,  এটা পিঞ্জৰাত সোমাই থকা দৰে আমাৰ দশা । কেতিয়াবা এনে লাগে যেন   ,হেই ডাক্তৰ জনে কৈছিল যে কৰণা  চৰণা এনেই এইবোৰ  চৰকাৰ পলিতিকচ  বোলে , কিন্তু কেতিয়াবা ফেচবুকত  বৰ দুখ লগা কিছুমান  ভিডিও বোৰ দেখি  ডাক্তৰ জন মূৰ্খ নিচিনাই লাগে । গতিকে আমি নিজেই সাৱধানতা মানি চলা টো অতি দৰকাৰ ।।বেমাৰ কৰপৰা আহি কত পালেহি ।।      যি কি নহওঁক বেমাৰ টো কমাৰ সম্ভাৱনা আছে যদিও  সোনকালে যে শেষ হব  , আগৰ নিচিনা নৰ্মেল দিনবোৰ আহিব , তাৰ  আশা কম যেন লাগে । ২০২০ হচাকে এটা অশান্তিৰ সময়।  প্ৰথমে কা" ৰ কাৰণে  আৰু এতিয়া কৰনা , তথাপিও কা" আমি এতিয়াও নামানো আৰু কেতিয়াও মানি নলও 🤬 ।          বাৰু যি কি নহওঁক এই লকাডাউন ৰ সময়ত মোৰ নিচিনা ২২ বছৰীয়া  লৰা বোৰে কি কৰি আছা কব চুণ comment  ot ।। বহুত বেয়া দিন আহিল , ঘৰত দেউতা মাই এ চাই চাই উ আমনি...

কথাটি কেনেকৈ কওঁ?

 কথাটি কেনেকৈ কওঁ? কথাবোৰ পাতি যেতিয়া ভাল লগা হয়। অন্য কামত যেতিয়া মন নবহা হয় , নিয়ন্ত্ৰনহীন মনতোৱে তেতিয়া কথা নুশুনা হয়, কথাটি বাৰু কেনেকৈ বুজাও মই ? এইয়াই যে ভালপোৱা হয় । পৰিপক্কতাক হেমাহি কৰি, যেতিয়া মই বিভ্ৰান্তিত ডুব যাও, তাইৰ হতে পাৰ কৰা সময়ৰ সোঁতত  যেতিয়া মই নিজকে হেৰুৱাও, এইয়াই যে ভালপোৱা কেনেকৈ বুজাও ?  তথাপি কিবা এটা ভুল হোৱাৰ উমান পাই, কথাতি কবলে কিয় মই থমকি ৰৈ যাওঁ ?     ~Hrithik Borsaikia