Skip to main content

মৰহা ফুল পাহ

 



পৃথিৱীৰ বিশাল বাগিচা খনত তাই ,

আজি যেন এপাহ মৰহা খৰিকাজাই ।

কোন হব তাইৰ সেই মনৰ বৰষুণ ,

যিয়ে আকৌ তাইৰ পৰশ তুলিব ভিজাই ।


শুকান পাত সৰি যেতিয়া হব সেউজীয়া,

লহঁ - পহকৈ তাই জিপাল হৈ উঠিব।

কবনে এই নতুন বৰষুণ জাকক,

তোমাৰ অবিহনে মই নোৱাৰোঁ থাকিব ।


কবনে তাইৰ সকলো দুখ পাহৰি ?

আঁকোৱালি লবনে তোমাক ,দুয়ো হাত ধৰি,

তাই কবনে? মোৰ হৃদয় নাভাগিবা আকৌ,

নহও মৰহা ফুল মই, হব বিচাৰোঁ তোমাৰ 

অনাদি লগৰী  ।।


...........     ~Hrithik Borsaikia.........

Comments

Popular posts from this blog

কভিড ১৯ আৰু মই........ (১)

‌  আগষ্ট মাহৰ ১৩ তাৰিখ , চৰকাৰে কৈছে স্কুল কলেজ খুলিব ছেপটেম্বৰ পৰা । আৰু কিছুমানে দাবী কৰিছে  খুলিব নলাগে । আমনি টো লগিছেগৈ ,  এটা পিঞ্জৰাত সোমাই থকা দৰে আমাৰ দশা । কেতিয়াবা এনে লাগে যেন   ,হেই ডাক্তৰ জনে কৈছিল যে কৰণা  চৰণা এনেই এইবোৰ  চৰকাৰ পলিতিকচ  বোলে , কিন্তু কেতিয়াবা ফেচবুকত  বৰ দুখ লগা কিছুমান  ভিডিও বোৰ দেখি  ডাক্তৰ জন মূৰ্খ নিচিনাই লাগে । গতিকে আমি নিজেই সাৱধানতা মানি চলা টো অতি দৰকাৰ ।।বেমাৰ কৰপৰা আহি কত পালেহি ।।      যি কি নহওঁক বেমাৰ টো কমাৰ সম্ভাৱনা আছে যদিও  সোনকালে যে শেষ হব  , আগৰ নিচিনা নৰ্মেল দিনবোৰ আহিব , তাৰ  আশা কম যেন লাগে । ২০২০ হচাকে এটা অশান্তিৰ সময়।  প্ৰথমে কা" ৰ কাৰণে  আৰু এতিয়া কৰনা , তথাপিও কা" আমি এতিয়াও নামানো আৰু কেতিয়াও মানি নলও 🤬 ।          বাৰু যি কি নহওঁক এই লকাডাউন ৰ সময়ত মোৰ নিচিনা ২২ বছৰীয়া  লৰা বোৰে কি কৰি আছা কব চুণ comment  ot ।। বহুত বেয়া দিন আহিল , ঘৰত দেউতা মাই এ চাই চাই উ আমনি...

কথাটি কেনেকৈ কওঁ?

 কথাটি কেনেকৈ কওঁ? কথাবোৰ পাতি যেতিয়া ভাল লগা হয়। অন্য কামত যেতিয়া মন নবহা হয় , নিয়ন্ত্ৰনহীন মনতোৱে তেতিয়া কথা নুশুনা হয়, কথাটি বাৰু কেনেকৈ বুজাও মই ? এইয়াই যে ভালপোৱা হয় । পৰিপক্কতাক হেমাহি কৰি, যেতিয়া মই বিভ্ৰান্তিত ডুব যাও, তাইৰ হতে পাৰ কৰা সময়ৰ সোঁতত  যেতিয়া মই নিজকে হেৰুৱাও, এইয়াই যে ভালপোৱা কেনেকৈ বুজাও ?  তথাপি কিবা এটা ভুল হোৱাৰ উমান পাই, কথাতি কবলে কিয় মই থমকি ৰৈ যাওঁ ?     ~Hrithik Borsaikia