Skip to main content

Affliction - যন্ত্ৰনা# 17-02-24

 


....মই ভাবো শনিবাৰটো সকলোৰে favourite দিন।আজি মোৰ মনে দুপৰীয়াৰ খানা বনাবলৈ বৰ এলাহ কৰিছে । গতিকে, মই ভাবিলো আজি  বাহিৰতে দুপৰীয়াৰ খানাটো খাম সেইবোলি ভাবি ৰোমৰ ওচৰতে থকা , য’ত মই সদায় খাই ভাল পোৱা হোটেল খনলৈ বোলি ৰোমৰ পৰা  বাইক খন লৈ   উলাই গলো । হোতেলৰ খুৰিয়ে মোক চিনি পাই লগে লগে কি খাবা বোলি কোৱাত মই ৰোটি অৰ্দাৰ দিলো । খুৰিৰ হোটেলত সকলো বস্তু গৰম কৈ খাব পাও আৰু সেয়ে অৰ্দাৰ টো আহোতে অলপ দেৰি হয় ,তথাপিও  ভাল লাগে।

.......মই বহা টেবুল খনৰ কাষতে প্ৰাই ২৫-২৬ মান বয়সৰ  লৰা এজন বহি আছে   আৰু সি অনবৰতে মেচেজ টাইপ কৰি থকা দেখিলো ,কিন্ত মেচেজবোৰ গৈ আছে ,ৰিপ্লাই অহাৰ কোনো চিন দেখা নাপালো । মই কি লিখিচে একো জানিব পৰা নাই  কিন্তু ৰিপ্লাই যে আহা নাই তাৰ অনুমান পাইচিলো।তাৰ ভাগৰুৱা মুখখন দেখি এনেকুৱা লাগিল যে সি নিশ্চয় কিবা  বিপদৰ সন্মুখীন হৈ আছে। 


খুৰিয়ে মোক ৰোটিৰ প্লেট খন দি সেই লৰাজনক উদ্দেশ্যি সোধিলে : ভাইটি কিবা খাবা নেকি ? খাই লোৱা তুমি পইচাৰ কথা চিন্তা নকৰিবা।

: এতিয়া নাখাও খুৰি , মই খাই আহিছো । খুৰি গুৱাহাটীলৈ ট্ৰেইন কেইটা বজাত আছে বাৰু ?(সি লাহেকৈ কথাখিনি কলে)

: ৩:৪৫ ত ট্ৰেইন আছে । তুমি তাতেই যাব পাৰিবা  (খুৰিয়ে তাক কলে)

লৰাজনে থিক আছে খুৰি , আহিছো বোলি কৈ লাহেকৈ ষ্টেচনৰ ফালে উলাই গল । তাৰ ভাগৰুৱা সেমেকা মাতটোৱে মোক নিশ্চিত কৰিলে সি যেন  কিবা বিচাৰি নোপোৱা আশা-নিৰাশাৰ মাজৰ যন্ত্ৰণাত আছিল।

.......মই একো বোজি নোপোৱাত ,খাই থকাৰ পৰাই খুৰিক লৰাটোৰ বিষয়ে সুধিলো। তেতিয়া মোক খুৰিয়ে সকলো খিনি আৰম্ভণিৰ পৰা কব ধৰিলে ।


......লৰাজনৰ ঘৰ ৰঙিয়া ,গুৱাহাটী। নামটো ৰাজীৱ মেধি । যোৱা ১১/০২/২০২৪ তাৰিখে সি মাৰ্ঘেৰিটাৰ লিডুলৈ বোলি তাৰ ভালপোৱা তনয়া  নামৰ ছোৱালী এগৰাকীক লগ কৰিব আহিছিল । অনেক আশা মনত লৈ সি তাৰ কামৰ পৰা  দহ দিনৰ চুটি লৈ আহিছিল । তনয়াৰ লগত তাৰ সম্পৰ্কৰ প্ৰায় দুই বছৰ হৈছিল । তনয়াক সি গুৱাহাটীত হোটেল মেনেজমেন্ট কৰি থাকোতে লগ পাইছিল । কিন্তু আজি ৭ দিন হৈ গল , তাই ৰাজীৱক লগ কৰিব নাহিলে । ৰাজীৱে মাৰ্ঘেৰিটাৰ ৰেলৱে ষ্টেচনতে ৫ দিন ৰাতিয়ে দিনে থাকি তাইৰ কাৰনে অপেক্ষা কৰি আজি নিৰাশা হৈ  উভতি যাব লৈছে । 

     বহু অপেক্ষাৰ পাচত সি ষ্টেচনত অকলশৰে  থাকি আমনি পাই খুৰিৰ হোটেললৈ অলপ বহিবলৈ বোলি  আহিলে । আৰু সকলো খিনি কথা সি খুৰিক দুখেৰে কৈ আছিল,  

 ৰাজীৱে আজি ছোৱালীজনীৰ ঘৰ লিডুলৈ বোলি যাবলৈ ওলোৱাত ,খুৰিয়ে তাক যাব নালাগে বোলি কলে।কাৰন কোনো  কব নোৱাৰি ঘৰলৈ বোলি গলে তাৰ পৰিবেশ কিমান ভাল বা বেয়া হব ।

          মই  ছোৱালী জনীয়ে কিয় এনেকুৱা কৰিলে বোলি সোধাত খুৰিয়ে কলে : ছোৱালীজনীৰ মোবাইল ফোনটো বোলে মাক দেউতাকে লোকোৱাই থৈছে , তনয়াৰ লগৰ কেইজনী মানে ৰাজীৱক এইবোলি কলে ।......নাজানো এই কথা কিমান সত্য কিন্তু ৰাজীৱৰ মনত কি চলি আছে সেই কথা কেৱল সি হে জানিব। কথাবোৰ শুনি মনটো সচাই সেমেকি গল । ......

 

  ~Hrithik Borsaikia

  

Comments

Popular posts from this blog

মৰহা ফুল পাহ

  পৃথিৱীৰ বিশাল বাগিচা খনত তাই , আজি যেন এপাহ মৰহা খৰিকাজাই । কোন হব তাইৰ সেই মনৰ বৰষুণ , যিয়ে আকৌ তাইৰ পৰশ তুলিব ভিজাই । শুকান পাত সৰি যেতিয়া হব সেউজীয়া, লহঁ - পহকৈ তাই জিপাল হৈ উঠিব। কবনে এই নতুন বৰষুণ জাকক, তোমাৰ অবিহনে মই নোৱাৰোঁ থাকিব । কবনে তাইৰ সকলো দুখ পাহৰি ? আঁকোৱালি লবনে তোমাক ,দুয়ো হাত ধৰি, তাই কবনে? মোৰ হৃদয় নাভাগিবা আকৌ, নহও মৰহা ফুল মই, হব বিচাৰোঁ তোমাৰ  অনাদি লগৰী  ।। ...........     ~Hrithik Borsaikia.........

কভিড ১৯ আৰু মই........ (১)

‌  আগষ্ট মাহৰ ১৩ তাৰিখ , চৰকাৰে কৈছে স্কুল কলেজ খুলিব ছেপটেম্বৰ পৰা । আৰু কিছুমানে দাবী কৰিছে  খুলিব নলাগে । আমনি টো লগিছেগৈ ,  এটা পিঞ্জৰাত সোমাই থকা দৰে আমাৰ দশা । কেতিয়াবা এনে লাগে যেন   ,হেই ডাক্তৰ জনে কৈছিল যে কৰণা  চৰণা এনেই এইবোৰ  চৰকাৰ পলিতিকচ  বোলে , কিন্তু কেতিয়াবা ফেচবুকত  বৰ দুখ লগা কিছুমান  ভিডিও বোৰ দেখি  ডাক্তৰ জন মূৰ্খ নিচিনাই লাগে । গতিকে আমি নিজেই সাৱধানতা মানি চলা টো অতি দৰকাৰ ।।বেমাৰ কৰপৰা আহি কত পালেহি ।।      যি কি নহওঁক বেমাৰ টো কমাৰ সম্ভাৱনা আছে যদিও  সোনকালে যে শেষ হব  , আগৰ নিচিনা নৰ্মেল দিনবোৰ আহিব , তাৰ  আশা কম যেন লাগে । ২০২০ হচাকে এটা অশান্তিৰ সময়।  প্ৰথমে কা" ৰ কাৰণে  আৰু এতিয়া কৰনা , তথাপিও কা" আমি এতিয়াও নামানো আৰু কেতিয়াও মানি নলও 🤬 ।          বাৰু যি কি নহওঁক এই লকাডাউন ৰ সময়ত মোৰ নিচিনা ২২ বছৰীয়া  লৰা বোৰে কি কৰি আছা কব চুণ comment  ot ।। বহুত বেয়া দিন আহিল , ঘৰত দেউতা মাই এ চাই চাই উ আমনি...

কথাটি কেনেকৈ কওঁ?

 কথাটি কেনেকৈ কওঁ? কথাবোৰ পাতি যেতিয়া ভাল লগা হয়। অন্য কামত যেতিয়া মন নবহা হয় , নিয়ন্ত্ৰনহীন মনতোৱে তেতিয়া কথা নুশুনা হয়, কথাটি বাৰু কেনেকৈ বুজাও মই ? এইয়াই যে ভালপোৱা হয় । পৰিপক্কতাক হেমাহি কৰি, যেতিয়া মই বিভ্ৰান্তিত ডুব যাও, তাইৰ হতে পাৰ কৰা সময়ৰ সোঁতত  যেতিয়া মই নিজকে হেৰুৱাও, এইয়াই যে ভালপোৱা কেনেকৈ বুজাও ?  তথাপি কিবা এটা ভুল হোৱাৰ উমান পাই, কথাতি কবলে কিয় মই থমকি ৰৈ যাওঁ ?     ~Hrithik Borsaikia