....
আধুনিকতাৰ এই পৃথিৱীত
দুটি মন বাৰু কেনেকৈ মিলে?
মিলেনে মনবোৰ চকুৰ মায়াজালত!
দুৰে দূৰে থাকিও মনৰ কথা কেনেকৈ
প্ৰকাশ কৰে?
গোটেই পৃথিৱী খন চুন মোৰ হাততে আজি,
তথাপিও যে বুজাব নোৱাৰি এই মোবাইলতিৰ যোগেদি ।
তাই কিন্তু বহুত দূৰত , কিন্তু মন যাই,
ঘূৰি যাবলৈ সেই চিঠিৰ দিনবোৰলৈ আজি ।
কেতিয়াবা আৰম্ভণিতেই শেষ হয়।
কেতিয়াবা লগ কৰিব আহিলেও ধৰিব নোৱাৰি।
কেতিয়াবা হাজাৰ প্ৰয়াশ কৰিও
বিশ্বাসৰ প্ৰমাণ দিব নোৱাৰি ।
কেনেকৈ কৰোঁ আৰম্ভণি,
মন যে মোৰ অকলশৰীয়া আজি ।
অতীত পাহৰিলো যদিও ,
বৰ্তমানৰ সোৱাদ নাপাওঁ আজি।
পাৰিম জানো নতুনকৈ কৰিব আৰম্ভণি,
কোনে দিব সেই সাহস কন আজি ,
মই সঁদাই তোমাৰ কাষত বোলি ।
আছোঁ বাত চাই আকৌ ,
এটি নতুন জোনাকৰ আশাত,
আকৌ কিজানি বাজি উঠে মনৰ গীটাৰ খনি।
~Hrithik Borsaikia
Comments