Skip to main content

শেষ চিঠি (The last letter)

 


শেষ চিঠি (The last letter)

অসীম আশাৰ সপোনৰ  নিজৰা,

যেন সেই অনুভৱ আছিল চিৰযুগমিয়া ।

সময়ৰ পিঞ্জৰাত আজি আবদ্ধ মোৰ উদাৰতা,

তুমিবিহীন আবেগে কিয় বিচাৰে প্ৰতিপলে তোমাৰ ছায়া  ।।


মোৰ অতীতক ৰসালতাই ভৰাই

বৰ্তমানৰ সুখ কন কিয় আজুৰিলা,

অদৃশ্য শক্তিৰে তোমাৰ মায়া জালত ভৰাই 

মোৰ হাঁহি, সপোন, বিশ্বাস সকলো কাঢ়ি ললা ।


আশাৰ ৰেঙনি বিলাই সপোনৰ আখৰে

অসত্য প্ৰেমৰ কাহিনী ৰচিলা।

অদৃশ্য শক্তিৰে তোমাৰ মায়া জালত ভৰাই 

মোৰ শেষ চিঠিৰ ঠিকনা কিয় মোহাৰিলা?


ঠিকনা বিহীন আজি মোৰ শেষ চিঠি,

প্ৰতিটো বাক্যত আছে তোমাৰ জীপালতা, 

উত্তৰ বিহীন আজি মোৰ শেষ চিঠি,

পৃষ্ঠা ফালি ,জ্বলাব বিচাৰিছোঁ তোমাৰ  অসত্যতা ।।


~ Hrithik Borsaikia 


Comments

Popular posts from this blog

মৰহা ফুল পাহ

  পৃথিৱীৰ বিশাল বাগিচা খনত তাই , আজি যেন এপাহ মৰহা খৰিকাজাই । কোন হব তাইৰ সেই মনৰ বৰষুণ , যিয়ে আকৌ তাইৰ পৰশ তুলিব ভিজাই । শুকান পাত সৰি যেতিয়া হব সেউজীয়া, লহঁ - পহকৈ তাই জিপাল হৈ উঠিব। কবনে এই নতুন বৰষুণ জাকক, তোমাৰ অবিহনে মই নোৱাৰোঁ থাকিব । কবনে তাইৰ সকলো দুখ পাহৰি ? আঁকোৱালি লবনে তোমাক ,দুয়ো হাত ধৰি, তাই কবনে? মোৰ হৃদয় নাভাগিবা আকৌ, নহও মৰহা ফুল মই, হব বিচাৰোঁ তোমাৰ  অনাদি লগৰী  ।। ...........     ~Hrithik Borsaikia.........

কভিড ১৯ আৰু মই........ (১)

‌  আগষ্ট মাহৰ ১৩ তাৰিখ , চৰকাৰে কৈছে স্কুল কলেজ খুলিব ছেপটেম্বৰ পৰা । আৰু কিছুমানে দাবী কৰিছে  খুলিব নলাগে । আমনি টো লগিছেগৈ ,  এটা পিঞ্জৰাত সোমাই থকা দৰে আমাৰ দশা । কেতিয়াবা এনে লাগে যেন   ,হেই ডাক্তৰ জনে কৈছিল যে কৰণা  চৰণা এনেই এইবোৰ  চৰকাৰ পলিতিকচ  বোলে , কিন্তু কেতিয়াবা ফেচবুকত  বৰ দুখ লগা কিছুমান  ভিডিও বোৰ দেখি  ডাক্তৰ জন মূৰ্খ নিচিনাই লাগে । গতিকে আমি নিজেই সাৱধানতা মানি চলা টো অতি দৰকাৰ ।।বেমাৰ কৰপৰা আহি কত পালেহি ।।      যি কি নহওঁক বেমাৰ টো কমাৰ সম্ভাৱনা আছে যদিও  সোনকালে যে শেষ হব  , আগৰ নিচিনা নৰ্মেল দিনবোৰ আহিব , তাৰ  আশা কম যেন লাগে । ২০২০ হচাকে এটা অশান্তিৰ সময়।  প্ৰথমে কা" ৰ কাৰণে  আৰু এতিয়া কৰনা , তথাপিও কা" আমি এতিয়াও নামানো আৰু কেতিয়াও মানি নলও 🤬 ।          বাৰু যি কি নহওঁক এই লকাডাউন ৰ সময়ত মোৰ নিচিনা ২২ বছৰীয়া  লৰা বোৰে কি কৰি আছা কব চুণ comment  ot ।। বহুত বেয়া দিন আহিল , ঘৰত দেউতা মাই এ চাই চাই উ আমনি...

কথাটি কেনেকৈ কওঁ?

 কথাটি কেনেকৈ কওঁ? কথাবোৰ পাতি যেতিয়া ভাল লগা হয়। অন্য কামত যেতিয়া মন নবহা হয় , নিয়ন্ত্ৰনহীন মনতোৱে তেতিয়া কথা নুশুনা হয়, কথাটি বাৰু কেনেকৈ বুজাও মই ? এইয়াই যে ভালপোৱা হয় । পৰিপক্কতাক হেমাহি কৰি, যেতিয়া মই বিভ্ৰান্তিত ডুব যাও, তাইৰ হতে পাৰ কৰা সময়ৰ সোঁতত  যেতিয়া মই নিজকে হেৰুৱাও, এইয়াই যে ভালপোৱা কেনেকৈ বুজাও ?  তথাপি কিবা এটা ভুল হোৱাৰ উমান পাই, কথাতি কবলে কিয় মই থমকি ৰৈ যাওঁ ?     ~Hrithik Borsaikia