তোৰ পৃথিৱীখন বেলেগ,
ব্যতিক্ৰমী তোৰ জীৱন, আছে সপোন অনেক ।
এটা অকলশৰীয়া নিজান পথ,দুয়োকাষে সেউজীয়া গছ,
৪০ /৫০ বেগত বাইকেৰে তুমি গৈ আছা, মোৰত লৈ হাজাৰ ভাৱনাৰ বোজা ।
ভাৱনাৰ ভৰে কয় , ভাল লগা খিনি চোন নেদেখা হৈ পৰিছে ,ভালপোৱা জনো যেন দুৰলৈ গৈছে।
লগৰ কেইজন বহু আগেৰেই গৈ চন্দ্ৰ পাইছে ॥
পাবিনে তই ঢুকি , তোৰ আশাৰ সপোন অশেষ।
সচাই তোৰ মনৰ পৃথিৱী খন অলপ বেলেগ ॥
ভাই তই অকলশৰে গৈছ , বহু দুৰ পাবিগৈ ।
তই আদিত্য L 1 , সুৰ্য্য পাবিগৈ ॥
নহয় একেই তই আনৰ দৰে ,বিচাৰে অকন সময় তোৰ জীৱনে।
পেলাই দে, ক্ষতি কৰিব তোৰ ভাৱনাৰ ওজনে । এবাৰ দুৰ হোৱা জনক জানো ৰখাব পাৰিনে ?
কষ্ট আছে ভাই চন্দ্ৰলৈ যোৱা জনৰো।মাটিত পেলালে কত ঘাম , তথাপি নকলে নোৱাৰো ॥
কৰি থাক যাত্ৰা, এটাই তোৰ পথ, নকবি "নোৱাৰো" তই।
দেখিবি এদিন সঁচাই, আহিব তোৰ সময় নিশ্চয় ॥
লাগিবৈ দে চোন সময়,ৰাস্তা বহু দুৰ,ধৰ ধৈয্য,পাবিগৈ সুৰ্য্য।
তোৰ পৃথিৱীখন বেলেগ,দেখিবি এদিন ইয়াৰ বাস্তৱীয় দৃশ্য॥
~ @riturajsaikia97
Comments