মনে যেতিয়া হুলস্থুলিয়া সমাগমৰ পৰা বিৰতি বিচাৰে ।
যেতিয়া প্ৰকৃতিৰ নিৰৱতাই তোমাক বাৰে বাৰে মাতে।
ভাল লগা এটা নিজান পৰিবেশ,
য'ত নাই কোনো ব্যস্ততা বা ভিৰৰ সমাবেশ।
আছে কেৱল অদৃশ্য বতাহৰ ফিৰ ফিৰীয়া শব্দৰ পৰশ,
বিশাল গছৰ মাজেৰে পাৰ হৈ অহা ৰদৰ কিৰণ,
চৰাই বোৰে যেতিয়া কোনোবা অহাৰ উমান পাই ,
তোমাৰ উপস্থিতি চিঞৰি সৱকে জনায়।
পাহাৰীয়া বতাহ জাকে তেতিয়া কানে কানে কয়,
যে নীসংগতাৰো এক সুকীয়া মাদকতা আছে,
অকলে থকাৰ সোৱাদ লবলে ,
কেতিয়াবা আকৌ আহিবা আমাৰ কাষলে।
~Hrithik Borsaikia
Comments