নিদ্ৰাহীন ৰাতি ,চকু মুদিলেও আন্ধাৰ নহয়,
সি ঘুৰি যায় অতীতৰ সেই হৃদয়স্পৰ্শীয় ৰসাল দৃশ্যলৈ ।
সেই অতীত আছিল তাৰ জীৱনৰ সময়ৰ বিনিয়োগ ; ভালপোৱা জনলৈ, ॥
এয়া আছিল জীৱন,সময়ৰ বিনিয়োগ;
তাইৰ বাবে থকা অনুভূতি আৰু আবেগৰ ।
কোনে বোজি পায় এই বিনিয়োগ আছিল সবাতোকৈ ডাঙৰ,
বিশাল যেন মহাসাগৰ ।
কিন্তু দুৰ্বল প্ৰেমিকক কোনে লগত লৈ যায়,
দুৰ্বলতা যে কেৱল তাইৰ কাষত।
হাজাৰ চেষ্টাৰ পাছতো ,তাই যেতিয়া নৰয় ,
সি যেন হেৰাই যায়,এটা আশাহীন পঠৰ মাজত ॥
দুৰ্বল জন দুনাই দুৰ্বল হলে কি হয়,কোনোবাই তাক
সোধেনে ?
কোনে জানে সি মদৰ নিচা কৰি আজিও সেই অতীতক
লৈ খং কৰে,কিন্তু পাহৰিব পাৰেনে ?
সকলো বিনিয়োগ যেতিয়া অথলে যায় ,
"সময়ে" তেতিয়া তাৰ এটা মাত্ৰ প্ৰেৰণা হয়।
সময়ে শিকাই তাক, ভাল পোৱা থিকেই আছিল ,
কিন্তু চিৰস্থায়ী ভাল পাই থকা যেন বৰ ভাল নহয় ॥
সময়ে বোজালে , দুৰ্বলতাৰ পাছৰ দৰ্জা খন যে
দুৰ্বলৰ নহয়।
সবল মনে সি ভাবিলে,এতিয়া যেন সলনি হৈ আগবঢ়াৰ সময়॥
তাইৰ সতে পাৰ কৰা সময়ে মনত কেতিয়াবা হাঁহি বিৰিঙাই,
হৃদয়ত থকা তাইৰ ইতিহাসবোৰ মনত কবিতা হৈ ৰৈ যায়॥
সকলো বিনিয়োগ যে অথলৈ নাযায়,
অসম্পূৰ্ণ কাহিনীও যে সকলোতকৈ ৰসালতাৰ সুবাস পাই,
স্পষ্টকৈ শিকাই গল তাই ।
~Hrithik Borsaikia
Comments