Skip to main content

Brothers (ককাই- ভাই) : এটা বাস্তৱীয় বুনিয়াদৰ কাহিনীৰে (Part-2)

খণ্ড- ২

👇(Part ২)👇



কাহিনী-২

সেই একেখন স্কুলৰ হোষ্টেলত এ আছিল আৰু দুজন ককাই - ভাই ।এজন আছিল ক্লাছ 7 ত আৰু আনজন আছিল ক্লাছ 9 ত ।সৰু জনৰ নাম আছিল ৰাজীৱ আৰু ডাঙৰ জনৰ নাম আছিল ৰাহুল। এখন আৱাসিক বিদ্যালয়ত ৰেগিং ৰ পৰা আদি কৰি আৰু বহুতো ঘটনা ঘটি থাকে । যিবোৰ থাকি  যায় কেৱল স্কুলৰ ভিতৰতেই।।

    সেই দুজন  ককাই- ভাইৰ মাজতো ঘটিছিল তেনে এটা ঘটনাই। সেই সময়ত আমাৰ পৰীক্ষা  হৈ আছিল ।সকলো পৰীক্ষা দিবলৈ স্কুল গল ।

    পৰীক্ষা শেষ হলত সকলো হোষ্টেল লৈ আহিব ললে।ক্লাছ 11 ৰ এজন চিনিয়ৰ  আছিল। চিনিয়ৰ জনে আহি দেখিলে তেওঁৰ বেগ ত থকা ৩০০০ টকা চুৰ হৈছে।সকলো ক্লাছ 11 ৰ লৰা বোৰ হোষ্টেলত গোট খালে আৰু পইচা কত ,কোনে ললে বিচৰা ত লাগিল। এটা ছাত্ৰাবাসত যদি চুৰ ওলাই , হোষ্টেলত থকা সকলোৱে জানে যে  তাৰ অৱস্থা কেনেকুৱা হয় বা কেনেকৈ সকলোৰে পৰা পিটন খাই । গম পোৱা গল ৰাজীৱ ৰ ককায়েক ৰাহুল হোষ্টেলত সকলো ত কৈ আগত পৰীক্ষা দি আহি সোমাইছিল । গতিকে ৰাহুলক  সন্দেহ কৰি মাৰ পিত কৰাত লাগিল । বহুত বেয়াকৈ আঘাত প্ৰাপ্ত হল ৰাহুল।ভায়েকে গম পাই আহি ভয়ত কান্দি আছে। ৰাহুলে বেছেৰা এনেই মাৰ খালে কাৰণ চুৰ কৰিছিল কোনোবা বেলেগে হে ।পইচা পোৱা নগল।সকলো অলপ দেৰি কাৰণে ঠাণ্ডা হল ।পাছদিনা হে গম পোৱা গল চুৰ কোন ।কিন্তু চুৰ বুলি গম পাই ও সিহঁতক ৰাহুলৰ দৰে  মাৰ পিত কৰা  নহল। ইয়াৰো কাৰণ আছে । আমি সকলোৱে জানো যে  টকা পইচা হৈছে মূহনীয়া বস্তু ।আৰু সেই এ ,চুৰ নকৰা এজনে ও কেতিয়াবা লুভত পৰি নকৰা কাম কৰি পাই।

      পাঁচ দিনাৰ কথা....

      ৰাহুল  তাৰ বিছনাত শুই আছিল । আৰু সেই সময়তে আহিল ৰাজীৱ।

ৰাজীৱ: দাদা কথা এটা কব আছিল। মোৰ বহুত ডাঙৰ ভুল হল আৰু....

ৰাহুল: মই গম পাইছো । জানো  তই আৰু তোৰ লগৰ ৰহিম ৰ লগত মিলি কি কাম কৰিলি।  ৰহিম এ অলপ আগত আহি কৈ থৈ গল যে  তহতি দাদা জনৰ বেগ ৰ পৰা টকা খিনি চুৰ কৰিছিলি ।দাদা বোৰেও গম পালে , কিন্তু তই মোৰ ভাইতী কাৰণে একো নাইকৰা ।  কাৰণ তোৰ জেগাত মই যি পাব আছিল সকলো খিনি পালোঁ ।তহঁতৰ ওচৰতেই  পইছাখিনি এতিয়াও আছে নিশ্চয় ।জা ভালকে গৈ ঘুৰাই দিবি ।একো নকৰে ....

ৰাজীৱ (কান্দি কান্দি):  দাদা মোৰ ভুল হৈ গল ।দাদা মই এতিয়াই ঘুৰাই দিছো গৈ । তই মোৰ কাৰণে ইমান কষ্ট পালি ......

ৰাহুল: একো নাই জা ।  কেতিয়াও এনেকুৱা কাম দুবাৰ নকৰিবি।

ৰাজীৱ: কেতিয়াও নকৰোঁ দাদা। কেতিয়াও নকৰোঁ😞😓😓

   ......................

কাহিনী -৩

এইটো কাহিনী কোনো স্কুলৰ ভিতৰৰ নহয়। এইবাৰ অলপ ওলাই আহিলো কোনো এখন গাঁৱৰ ফালে। গাঁৱৰ কথা গাঁৱত বাস কৰা সকলে টো  জানেই । সেইকাৰণে বৰ বেছি বিতং ভাবে কবলৈ নাজাও ।

        দুজন ককাই - ভাই আছিল ক্ৰমে গুনে আৰু লখি । দুয়োটাৰ এ ঘৰ উচৰা উচৰি। মানুহে মদ খাই নে .. মদে মানুহক  খাই এইটোৱে ধৰিব নোৱাৰি। গুণে ৰ ঘৰত মদৰ বেচা কিনা চলে ।গুণে ৰ ঘৈনিয়েক  অদ্ভুত মদাহী বুলি কলেও ভুল  নহয়।মদ খাই উৎপাত কৰেগৈ লখিৰ ঘৰত । সিহতৰ কিছুমান ব্যক্তিগত  কাজিয়া ,সেইকাৰণে ইয়াত নকওঁ। কলেওঁ বহুত দীঘল হব।

        এদিন মদ খাই কব নোৱাৰি গুনে ৰ ঘৈনীয়েকে লখিৰ  ঘৰত গৈ লখিক মাৰিবলৈ  খেদি গল। সিফালে লখি মতা মানুহ তোৰ লগত মাইকী জনীয়ে কত পাৰে ।লখিয়ে মাৰিলে  এক চৰ মাইকী জনিক(গুণে ৰ ঘৈনীয়েকক) আৰু গুনে ৰ ঘৈনীয়েক পৰিলে গৈ শিলত ।আৰু ফাতিলে মাথা ।হৈ গল পুলিচ কেছ মাইকী মানুহক হাত উঠুৱাৰ কাৰণে। এতিয়া ইয়াত ভুলটো কাৰ আমি সকলোৱে দেখিছোঁ ,কিন্তু তথাপিও মাইকী মানুহক হাত উঠুৱা টো ভুল। সিহঁতৰ এনে দৰে কিছুমান ঘটনা প্ৰায় ঘটি এ থাকে দুয়োটাৰে মাজত । এইবোৰ ঘটনাৰ আৰটো কিছুমান কাৰণ আছে  কিছুমান ওচৰৰ মানুহ ।কিছুমানে  ককায়েকৰ কথা বেয়াকৈ লগাই ভায়েক ক আৰু কিছুমানে ভায়েকৰ কথা বেয়াকৈ লগাই ককায়েকক ।।

        ......

        কাহিনী কেইটা পঢ়ি গম পালে নিশ্চয় যে ককায়েক ভায়েকৰ মিল থাকিলে কি হয় আৰু কি হয় যেতিয়া  নাথাকে।প্ৰথম আৰু দ্বিতীয় কাহিনীটোত দেখিলে  কেনেদৰে নিজৰ ভায়েকৰ কাৰণে নিজ ককায়েকে ৰিস্ক (Risk) লব পাৰিলে। কিন্তু তৃতীয় কাহিনীৰ  পৰা দেখিলে ,কি হয়গৈ যেতিয়া  সম্পৰ্ক ভাল নাথাকে বৰং বাহিৰা মানুহে সুবিধা হে লই।

        যদি আমি ককাই ভাই সদাই মিলি  আপুন হৈ থাকোঁ ,মই ভাবো আমাক কোনো বাহিৰা লোকে হিলাব নুৱাৰে। বা কিবা অপকাৰ কৰা সময়তো ভাবিব যে ইহঁত দেখোন দুইটা একেলগে ই থাকে। ইংৰাজীত এখাৰ কথা আছে যে Sharing is caring । মানে   মৰম দিলেহে মৰম পোৱা যায়। এতিয়া নিজৰ মানুহক   মৰম আমি কেনেদৰে দিম ।আগৰ দিনত কাৰোবাৰ ঘৰত হাঁহ বা কুকুৰা মাৰিলে সকলোকে এডোখৰ হলেও খাবলৈ বা অলপ হলেও দি পঠিয়াই ভগাই মেলি খাইছিল ।কিন্তু আজি কালি এনেধৰণৰ মৰম বোৰ কমি আহিছে । মই ভাবো এইবোৰ কেতিয়াও কমিব  নালাগে ,আমি সকলোৱে মিলি থাকিব লাগে। কাৰণ আমাৰ যদি নিজৰ মাজতে মিল  নাথাকে ,আমি আমাৰ অসম খনক কেনেকৈ মিলাই থম । আমি অসমীয়াই আজিৰ দিনত জাতিক বচাবলৈ ,নিজৰ মাটিক বচাবলৈ ওলাই আহিছো । যদি আমি নিজৰ ঘৰ খনৰ লগতেই মিলি থাকিব নোৱাৰোঁ তেন্তে গোটেই অসম খনক কেনেকৈ বছুৱা টু কেতিয়াও আমাৰ কাৰণে সক্ষম নহব। ,গোটেই অসমীয়াৰ লগত কেনেকৈ মিলিম যদি আমি ঘৰখনৰ লগতে মিলি থাকিব নোৱাৰো?....মই ভাবো মোৰ এই লিখনি এনেই  যেন অথলে  নাজাই। ভাবিব এবাৰ .....আপোনাৰ শত্ৰুৱে সদাই ভয় খাব  যেতিয়া আপোনাৰ ভাই আপোনাৰ লগত থাকিব বা আপোনাৰ ককাইদেউ আপোনাৰ আগত থিয় হৈ থাকিব ।...............

        গতিকে নিজৰ ককায়েক বা ভায়েকৰ লগত নিশ্চয় কেতিয়াবা এসাজ   খাব। পাৰিলে কেতিয়াবা দুয়ো মিলি cheers 🥂🍾কৰিব।

          .... জই আই অসম


             ~@riturajsaikia97












Comments

Popular posts from this blog

মৰহা ফুল পাহ

  পৃথিৱীৰ বিশাল বাগিচা খনত তাই , আজি যেন এপাহ মৰহা খৰিকাজাই । কোন হব তাইৰ সেই মনৰ বৰষুণ , যিয়ে আকৌ তাইৰ পৰশ তুলিব ভিজাই । শুকান পাত সৰি যেতিয়া হব সেউজীয়া, লহঁ - পহকৈ তাই জিপাল হৈ উঠিব। কবনে এই নতুন বৰষুণ জাকক, তোমাৰ অবিহনে মই নোৱাৰোঁ থাকিব । কবনে তাইৰ সকলো দুখ পাহৰি ? আঁকোৱালি লবনে তোমাক ,দুয়ো হাত ধৰি, তাই কবনে? মোৰ হৃদয় নাভাগিবা আকৌ, নহও মৰহা ফুল মই, হব বিচাৰোঁ তোমাৰ  অনাদি লগৰী  ।। ...........     ~Hrithik Borsaikia.........

কভিড ১৯ আৰু মই........ (১)

‌  আগষ্ট মাহৰ ১৩ তাৰিখ , চৰকাৰে কৈছে স্কুল কলেজ খুলিব ছেপটেম্বৰ পৰা । আৰু কিছুমানে দাবী কৰিছে  খুলিব নলাগে । আমনি টো লগিছেগৈ ,  এটা পিঞ্জৰাত সোমাই থকা দৰে আমাৰ দশা । কেতিয়াবা এনে লাগে যেন   ,হেই ডাক্তৰ জনে কৈছিল যে কৰণা  চৰণা এনেই এইবোৰ  চৰকাৰ পলিতিকচ  বোলে , কিন্তু কেতিয়াবা ফেচবুকত  বৰ দুখ লগা কিছুমান  ভিডিও বোৰ দেখি  ডাক্তৰ জন মূৰ্খ নিচিনাই লাগে । গতিকে আমি নিজেই সাৱধানতা মানি চলা টো অতি দৰকাৰ ।।বেমাৰ কৰপৰা আহি কত পালেহি ।।      যি কি নহওঁক বেমাৰ টো কমাৰ সম্ভাৱনা আছে যদিও  সোনকালে যে শেষ হব  , আগৰ নিচিনা নৰ্মেল দিনবোৰ আহিব , তাৰ  আশা কম যেন লাগে । ২০২০ হচাকে এটা অশান্তিৰ সময়।  প্ৰথমে কা" ৰ কাৰণে  আৰু এতিয়া কৰনা , তথাপিও কা" আমি এতিয়াও নামানো আৰু কেতিয়াও মানি নলও 🤬 ।          বাৰু যি কি নহওঁক এই লকাডাউন ৰ সময়ত মোৰ নিচিনা ২২ বছৰীয়া  লৰা বোৰে কি কৰি আছা কব চুণ comment  ot ।। বহুত বেয়া দিন আহিল , ঘৰত দেউতা মাই এ চাই চাই উ আমনি...

কথাটি কেনেকৈ কওঁ?

 কথাটি কেনেকৈ কওঁ? কথাবোৰ পাতি যেতিয়া ভাল লগা হয়। অন্য কামত যেতিয়া মন নবহা হয় , নিয়ন্ত্ৰনহীন মনতোৱে তেতিয়া কথা নুশুনা হয়, কথাটি বাৰু কেনেকৈ বুজাও মই ? এইয়াই যে ভালপোৱা হয় । পৰিপক্কতাক হেমাহি কৰি, যেতিয়া মই বিভ্ৰান্তিত ডুব যাও, তাইৰ হতে পাৰ কৰা সময়ৰ সোঁতত  যেতিয়া মই নিজকে হেৰুৱাও, এইয়াই যে ভালপোৱা কেনেকৈ বুজাও ?  তথাপি কিবা এটা ভুল হোৱাৰ উমান পাই, কথাতি কবলে কিয় মই থমকি ৰৈ যাওঁ ?     ~Hrithik Borsaikia