তোৰ পৃথিৱীখন বেলেগ, ব্যতিক্ৰমী তোৰ জীৱন, আছে সপোন অনেক । এটা অকলশৰীয়া নিজান পথ,দুয়োকাষে সেউজীয়া গছ, ৪০ /৫০ বেগত বাইকেৰে তুমি গৈ আছা, মোৰত লৈ হাজাৰ ভাৱনাৰ বোজা । ভাৱনাৰ ভৰে কয় , ভাল লগা খিনি চোন নেদেখা হৈ পৰিছে ,ভালপোৱা জনো যেন দুৰলৈ গৈছে। লগৰ কেইজন বহু আগেৰেই গৈ চন্দ্ৰ পাইছে ॥ পাবিনে তই ঢুকি , তোৰ আশাৰ সপোন অশেষ। সচাই তোৰ মনৰ পৃথিৱী খন অলপ বেলেগ ॥ ভাই তই অকলশৰে গৈছ , বহু দুৰ পাবিগৈ । তই আদিত্য L 1 , সুৰ্য্য পাবিগৈ ॥ নহয় একেই তই আনৰ দৰে ,বিচাৰে অকন সময় তোৰ জীৱনে। পেলাই দে, ক্ষতি কৰিব তোৰ ভাৱনাৰ ওজনে । এবাৰ দুৰ হোৱা জনক জানো ৰখাব পাৰিনে ? কষ্ট আছে ভাই চন্দ্ৰলৈ যোৱা জনৰো।মাটিত পেলালে কত ঘাম , তথাপি নকলে নোৱাৰো ॥ কৰি থাক যাত্ৰা, এটাই তোৰ পথ, নকবি "নোৱাৰো" তই। দেখিবি এদিন সঁচাই, আহিব তোৰ সময় নিশ্চয় ॥ লাগিবৈ দে চোন সময়,ৰাস্তা বহু দুৰ,ধৰ ধৈয্য,পাবিগৈ সুৰ্য্য। তোৰ পৃথিৱীখন বেলেগ,দেখিবি এদিন ইয়াৰ বাস্তৱীয় দৃশ্য॥ ~ @riturajsaikia97
অসমীয়া Love Story, চুটি গল্প, আৰু বহুতো আপোনালোকৰ বাবে আহি আছে বহুতো ভাল লগা কবিতা , কাহিনী , প্ৰবন্ধ ।