Skip to main content

Posts

Showing posts from November, 2024

কথাটি কেনেকৈ কওঁ?

 কথাটি কেনেকৈ কওঁ? কথাবোৰ পাতি যেতিয়া ভাল লগা হয়। অন্য কামত যেতিয়া মন নবহা হয় , নিয়ন্ত্ৰনহীন মনতোৱে তেতিয়া কথা নুশুনা হয়, কথাটি বাৰু কেনেকৈ বুজাও মই ? এইয়াই যে ভালপোৱা হয় । পৰিপক্কতাক হেমাহি কৰি, যেতিয়া মই বিভ্ৰান্তিত ডুব যাও, তাইৰ হতে পাৰ কৰা সময়ৰ সোঁতত  যেতিয়া মই নিজকে হেৰুৱাও, এইয়াই যে ভালপোৱা কেনেকৈ বুজাও ?  তথাপি কিবা এটা ভুল হোৱাৰ উমান পাই, কথাতি কবলে কিয় মই থমকি ৰৈ যাওঁ ?     ~Hrithik Borsaikia

প্ৰয়াস বিহীন পথ........

  পূৰ্ণিমাৰ জোন টো সঁচাই ভাল লগা, কিন্তু ধৰি ৰাখি নিজৰ কৰিব জানো পাৰিনে? দুৰনিৰ পাহাৰখন চাই থাকিবৰে মন যায়, কিন্তু, মোৰ কৰি লব জানো পাৰিমনে? সি কয়, ভাল লগা বোৰ সদায়  ভাল লগাইয়ে থোৱা , নিদিবা তাক ভাল পোৱাৰ নাম, সীমাবদ্ধতাৰ মাজতে থোৱা । পৰিকল্পনা নোহোৱাকৈ সপোনৰ  কিবা মূল্য আছেনে? ভৱিষ্যত নজনাকৈ পাগলৰ দৰে  ভাল পোৱাৰ কিবা অৰ্থ পোৱানে? ভাল লগা আজিবোৰ বেয়া লগা হবলৈ সময়  নালাগে, আন্ধাৰ ৰাস্তাক পোহৰাব বিচাৰি এদিন নিজকে হেৰুৱাব নালাগে ! সি কয় ,ভাল লগাবোৰ কেতিয়াও হৃদয়ৰ  ভাল পোৱাৰ মাজত ঠাই নিদিবি , ৰঙীন  সপোনবোৰ এই বাস্তৱ বিহীন  জীৱনত, পুৰ হোৱাৰ আশা নকৰিবি ! নিজৰ মনৰ লগত কাজিয়া কৰি, তাৰ মনটো ধৰি ৰাখিব চেষ্টা নকৰিবি !     ~Hrithik Borsaikia

মৰহা ফুল পাহ

  পৃথিৱীৰ বিশাল বাগিচা খনত তাই , আজি যেন এপাহ মৰহা খৰিকাজাই । কোন হব তাইৰ সেই মনৰ বৰষুণ , যিয়ে আকৌ তাইৰ পৰশ তুলিব ভিজাই । শুকান পাত সৰি যেতিয়া হব সেউজীয়া, লহঁ - পহকৈ তাই জিপাল হৈ উঠিব। কবনে এই নতুন বৰষুণ জাকক, তোমাৰ অবিহনে মই নোৱাৰোঁ থাকিব । কবনে তাইৰ সকলো দুখ পাহৰি ? আঁকোৱালি লবনে তোমাক ,দুয়ো হাত ধৰি, তাই কবনে? মোৰ হৃদয় নাভাগিবা আকৌ, নহও মৰহা ফুল মই, হব বিচাৰোঁ তোমাৰ  অনাদি লগৰী  ।। ...........     ~Hrithik Borsaikia.........

GROWTH 🔥

  GROWTH 🔥  Overthinking compels him to write,   It was twenty-sixteen,   The happiest man without the concept of love,   His heart was pure and clean.   Suddenly, he found a queen,   Is it right to see himself as a king?   Quietly, he thinks, the vibes are matching,   He finds himself trapped in love and its dealings.   Time passes, and the attachment grows stronger.   Unconditionally, he gave 100% to her.   Now he wonders if it’s right to give all of yourself to someone.   He understands it when his investment is ghosted, like it never mattered. Overthinking compels him to write,   It is twenty-twenty-four.   His healing heart, once again pure and clean,   But with one difference: now it is stronger than before.   ~Hrithik Borsaikia

আৰম্ভণি

  .... আধুনিকতাৰ এই পৃথিৱীত দুটি মন বাৰু কেনেকৈ মিলে? মিলেনে মনবোৰ চকুৰ মায়াজালত! দুৰে দূৰে থাকিও  মনৰ কথা কেনেকৈ প্ৰকাশ কৰে? গোটেই পৃথিৱী খন চুন মোৰ হাততে আজি, তথাপিও যে বুজাব নোৱাৰি এই মোবাইলতিৰ যোগেদি । তাই কিন্তু বহুত দূৰত , কিন্তু মন যাই, ঘূৰি যাবলৈ সেই চিঠিৰ দিনবোৰলৈ আজি । কেতিয়াবা আৰম্ভণিতেই শেষ হয়। কেতিয়াবা লগ কৰিব আহিলেও ধৰিব নোৱাৰি। কেতিয়াবা হাজাৰ প্ৰয়াশ কৰিও বিশ্বাসৰ প্ৰমাণ দিব নোৱাৰি । কেনেকৈ কৰোঁ আৰম্ভণি, মন যে মোৰ অকলশৰীয়া আজি । অতীত পাহৰিলো যদিও , বৰ্তমানৰ সোৱাদ নাপাওঁ আজি। পাৰিম জানো নতুনকৈ কৰিব আৰম্ভণি, কোনে দিব সেই সাহস কন আজি , মই সঁদাই তোমাৰ কাষত বোলি । আছোঁ বাত চাই আকৌ , এটি নতুন জোনাকৰ আশাত, আকৌ কিজানি বাজি উঠে মনৰ গীটাৰ খনি।     ~Hrithik Borsaikia

নীসংগতাৰো এক সুকীয়া মাদকতা আছে

মনে যেতিয়া  হুলস্থুলিয়া সমাগমৰ পৰা বিৰতি বিচাৰে । যেতিয়া প্ৰকৃতিৰ নিৰৱতাই তোমাক বাৰে বাৰে মাতে। ভাল লগা এটা নিজান পৰিবেশ, য'ত নাই কোনো ব্যস্ততা বা ভিৰৰ সমাবেশ। আছে কেৱল অদৃশ্য বতাহৰ ফিৰ ফিৰীয়া শব্দৰ পৰশ, বিশাল গছৰ মাজেৰে পাৰ হৈ অহা ৰদৰ  কিৰণ, চৰাই বোৰে যেতিয়া কোনোবা অহাৰ উমান পাই , তোমাৰ উপস্থিতি চিঞৰি সৱকে জনায়। পাহাৰীয়া বতাহ জাকে তেতিয়া কানে কানে  কয়, যে নীসংগতাৰো এক সুকীয়া মাদকতা আছে, অকলে থকাৰ সোৱাদ লবলে , কেতিয়াবা আকৌ আহিবা আমাৰ কাষলে।     ~Hrithik Borsaikia