শেষ চিঠি (The last letter) অসীম আশাৰ সপোনৰ নিজৰা, যেন সেই অনুভৱ আছিল চিৰযুগমিয়া । সময়ৰ পিঞ্জৰাত আজি আবদ্ধ মোৰ উদাৰতা, তুমিবিহীন আবেগে কিয় বিচাৰে প্ৰতিপলে তোমাৰ ছায়া ।। মোৰ অতীতক ৰসালতাই ভৰাই বৰ্তমানৰ সুখ কন কিয় আজুৰিলা, অদৃশ্য শক্তিৰে তোমাৰ মায়া জালত ভৰাই মোৰ হাঁহি, সপোন, বিশ্বাস সকলো কাঢ়ি ললা । আশাৰ ৰেঙনি বিলাই সপোনৰ আখৰে অসত্য প্ৰেমৰ কাহিনী ৰচিলা। অদৃশ্য শক্তিৰে তোমাৰ মায়া জালত ভৰাই মোৰ শেষ চিঠিৰ ঠিকনা কিয় মোহাৰিলা? ঠিকনা বিহীন আজি মোৰ শেষ চিঠি, প্ৰতিটো বাক্যত আছে তোমাৰ জীপালতা, উত্তৰ বিহীন আজি মোৰ শেষ চিঠি, পৃষ্ঠা ফালি ,জ্বলাব বিচাৰিছোঁ তোমাৰ অসত্যতা ।। ~ Hrithik Borsaikia
অসমীয়া Love Story, চুটি গল্প, আৰু বহুতো আপোনালোকৰ বাবে আহি আছে বহুতো ভাল লগা কবিতা , কাহিনী , প্ৰবন্ধ ।