.... মই ভাবো শনিবাৰটো সকলোৰে favourite দিন।আজি মোৰ মনে দুপৰীয়াৰ খানা বনাবলৈ বৰ এলাহ কৰিছে । গতিকে, মই ভাবিলো আজি বাহিৰতে দুপৰীয়াৰ খানাটো খাম সেইবোলি ভাবি ৰোমৰ ওচৰতে থকা , য’ত মই সদায় খাই ভাল পোৱা হোটেল খনলৈ বোলি ৰোমৰ পৰা বাইক খন লৈ উলাই গলো । হোতেলৰ খুৰিয়ে মোক চিনি পাই লগে লগে কি খাবা বোলি কোৱাত মই ৰোটি অৰ্দাৰ দিলো । খুৰিৰ হোটেলত সকলো বস্তু গৰম কৈ খাব পাও আৰু সেয়ে অৰ্দাৰ টো আহোতে অলপ দেৰি হয় ,তথাপিও ভাল লাগে। .......মই বহা টেবুল খনৰ কাষতে প্ৰাই ২৫-২৬ মান বয়সৰ লৰা এজন বহি আছে আৰু সি অনবৰতে মেচেজ টাইপ কৰি থকা দেখিলো ,কিন্ত মেচেজবোৰ গৈ আছে ,ৰিপ্লাই অহাৰ কোনো চিন দেখা নাপালো । মই কি লিখিচে একো জানিব পৰা নাই কিন্তু ৰিপ্লাই যে আহা নাই তাৰ অনুমান পাইচিলো।তাৰ ভাগৰুৱা মুখখন দেখি এনেকুৱা লাগিল যে সি নিশ্চয় কিবা বিপদৰ সন্মুখীন হৈ আছে। খুৰিয়ে মোক ৰোটিৰ প্লেট খন দি সেই লৰাজনক উদ্দেশ্যি সোধিলে : ভাইটি কিবা খাবা নেকি ? খাই লোৱা তুমি পইচাৰ কথা চিন্তা নকৰিবা। : এতিয়া নাখাও খুৰি , মই খাই আহিছো । খুৰি গুৱাহাটীলৈ ট্ৰেইন কেইটা বজাত আছে বাৰু ...
অসমীয়া Love Story, চুটি গল্প, আৰু বহুতো আপোনালোকৰ বাবে আহি আছে বহুতো ভাল লগা কবিতা , কাহিনী , প্ৰবন্ধ ।